মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ

খেল আৰু প্ৰতিযোগিতা

ক) দেওকন সোঁৱৰণি ১৭ বছৰ অনু্ৰ্দ্ধ(লৰা) আন্তঃজিলা ফুটবল প্ৰতিযোগিতা

প্ৰতিযোগিতাৰ বিৱৰণঃ

আন্তঃবিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা প্ৰত্যেক জুন-জুলাই মাহত জিলা আৰু ৰাজ্যিক পৰ্যায়ত অনুস্থিত হয়।

বিদ্যালয়ৰ পৰা জিলা বিজয়ী দলবোৰে নিজ জিলাৰ হৈ ৰাজ্যিক স্তৰত প্ৰতিনিধিত্ব কৰে।

ৰাজ্যিক বিজয়ী দলে নতুন দিল্লীত অনুস্থিত ১৭ বছৰ অনুৰ্দ্ধ সুব্ৰত মুখাৰ্জী কাপ-আন্তঃৰ্জাতিক ফুটবল প্ৰতিযোগিতাত ভাগ লয়।

অৰ্হতাঃ

১৭ বছৰৰ অনুৰ্দ্ধ, দশম শ্ৰেণীলৈকে(৩১ ডিচেম্বৰৰ ওপৰত নিৰ্ভৰ কৰি)

অধিক তথ্যৰ বাবেঃ

জিলা  পৰ্যয়াৰ বাবেঃজিলাসমূহত থকা ক্ৰীড়া কাৰ্য্যালয় সমূহৰ স’তে যোগাযোগ

ৰাজ্যিক পৰ্যায়ৰ বাবেঃঅসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয় স’তে যোগাযোগ

(খ) ১৪- বছৰ অনুৰ্দ্ধ পিলিক চৌধুৰী ফুটবল প্ৰতিযোগিতাঃ

প্ৰতিযোগিতাৰ বিৱৰণঃ

আন্তঃৰাজ্যিক মূল প্ৰতিযোগিতা প্ৰত্যেক বছৰৰ জুন-জুলাই মাহত জিলা আৰু ৰাজ্যিক পৰ্যায়ত অনুস্থিত কৰা হয়।

জিলা পৰ্যায়ৰ বিজয়ী দলসমূহে ৰাজ্যিক পৰ্যায়ত নিজ-নিজ জিলাক প্ৰতিনিধিত্ব কৰে।

১৪ বছৰ অনুৰ্দ্ধ ৰাজ্যিক বিজয়ী দলে আন্তৰ্জাতিক পৰ্যায়ত সুব্ৰত মুখাৰ্জী কাপ আন্তৰ্জাতিক ফুটবল প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিবলৈসুবিধা পায়।

প্ৰতিযোগিতাৰ- অৰ্হতাঃ

৩১ ডিচেম্বৰৰ ওপৰত ভিত্তি কৰি অষ্টম শ্ৰেণীলৈকে ১৪ বছৰ অনুৰ্দ্ধ হ’ব লাগিব।

অধিক তথ্যৰ বাবেঃ

জিলা পৰ্যায়ৰ বাবেঃ জিলাসমূহত থকা বিভাগীয় ক্ৰীড়া কাৰ্যালয়

ৰাজ্যিক পৰ্যায়ৰ বাবেঃক্ৰীড়া আৰু যুৱ-কল্যাণ সঞ্চালকালয়, অসম

(গ) ১৭ বছৰ অনুৰ্দ্ধ ছোৱালীৰ আন্তঃজিলা ফুটবল প্ৰতিযোগিতাঃ

প্ৰতিযোগিতাৰ বিৱৰণঃ

জিলা আৰু ৰাজ্যিক ভিত্তিত আন্তঃফুটবল প্ৰতিযোগিতা প্ৰত্যেক বছৰৰ জুন-জুলাই মাহত অনুস্থিত কৰা হয়।জিলা বিজয়ী দলসমূহে নিজ নিজ জিলাক ৰাজ্যিক পৰ্যায়ত প্ৰতিনিধিত্ব কৰে।

ৰাজ্যিক বিজয়ী দলে নতুন দিল্লীত অনুস্থিত সুব্ৰত মুখাৰ্জী কাপ আন্তৰ্জাতিক ফুটবল প্ৰতিযোগিতা তাত প্ৰতিনিধিত্ব কৰে।

অৰ্হতাঃ

দশম শ্ৰেণীলৈকে/১৭ বছৰৰ অনুৰ্দ্ধ হ’ব লাগিব(৩১ ডিচেম্বৰৰ ওপৰত ভিত্তি কৰি)

অধিক তথ্যৰ বাবেঃ

জিলা পৰ্যায়ৰ বাবে-বিভাগীয় জিলা ক্ৰীড়া কাৰ্যালয়

ৰাজ্যিক পৰ্যায়ৰ বাবে-ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয় অসম ।

(ঘ) ১৪ বছৰ অনুৰ্দ্ধ (লৰা), ১৭ বছৰ অনুৰ্দ্ধ (লৰা  আৰু ছোৱালী) ৰ বাবে সুব্ৰত মুখাৰ্জী কাপ আন্তৰ্জাতিক ফুটবল প্ৰতিযোগিতা—

প্ৰতিযোগিতাৰ বিৱৰণঃ

প্ৰতিযোগিতাখন প্ৰত্যেক বছৰৰ ছেপ্তেম্বৰ-অক্টোবৰ মাহত নতুন দিল্লীত অনুস্থিত কৰা হয়।

ৰাজ্যিক স্কুল বিজয়ী দলে নতুন দিল্লীত অনুস্থিত এই প্ৰতিযোগিতাত নিজৰ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পায়।

অৰ্হতাঃ

৩১ ডিচেম্বৰৰ ওপৰত ভিত্তি কৰি ১৪ বছৰ অনুৰ্দ্ধ(ল’ৰা) অষ্টম শ্ৰেণীলৈকে আৰু ১৭ বছৰ অনুৰ্দ্ধ (ল’ৰা আৰু ছোৱালী)ৰ দশম শ্ৰেণীলৈকে(৩১ ডিচেম্বৰ লৈকে)

অধিক তথ্যৰ বাবেঃ-

ক্ৰীড়া আৰু যুৱ কল্যাণ, অসম সঞ্চালকালয়ৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব।

(ঙ) ইন্দু হাজৰিকা আন্তঃজিলা ফুটবল প্ৰতিযোগিতা ১৯ বছৰৰ অনুৰ্দ্ধ (লৰা)

প্ৰতিযোগিতাৰ বিষয়ে

 এই ১৯ বছৰ অনুৰ্দ্ধ ক্ৰীড়া প্ৰতিযোগিতাখন ২০১৭ চনৰ নৱেম্বৰ মাহৰ পৰা অনুস্থিত হৈছে। জিলা ক্ৰীড়া বিষয়াই জিলাখনৰ বাবে দলটো নিৰ্বাচন কৰে। এই নিৰ্বাচিত দলটোৱে প্ৰতিযোগিতাখনত অংশ ল’ব পাৰিব।

স্কুল পৰ্যায়ৰ ১৯ বছৰ অনুৰ্দ্ধ ৰাজ্যিক দলটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ হৈ নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পায়।

অৰ্হতাঃ

দ্বাদশ শ্ৰেণীলৈকে-৩১ ডিচেম্বৰৰ ওপৰত ভিত্তি কৰি ১৯ বছৰৰ অনুৰ্দ্ধ হ’ব লাগিব।

অধিক তথ্যৰ বাবেঃ

জিলা পৰ্যায়ৰ বাবে— বিভাগীয় জিলা ক্ৰীড়া কাৰ্যালয়

ৰাজ্যিক পৰ্যায়ৰ বাবে—ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়, অসম।

(চ) আন্তঃজিলা হকী ক্ৰীড়াপ্ৰতিযোগিতা-(১৭ বছৰৰ অনুৰ্দ্ধ (লৰা—ছোৱালী)

প্ৰতিযোগিতাৰ বিষয়েঃ-

এই প্ৰতিযোগিতা প্ৰত্যেক বছৰৰ জানুৱাৰী মাহত জিলা আৰু ৰাজ্যিক পৰ্যায়ত অনুস্থিত হয়।

জিলা বিজয়ী স্কুল দলে নিজ জিলাখনৰ হৈ ৰাজ্যিক ভিত্তিত প্ৰতিনিধিত্ব কৰে।

ৰাজ্যিক বিজয়ী স্কুল দলে নতুন দিল্লীত অনুস্থিত জৱাহাৰলাল নেহৰু হকী প্ৰতিযোগিতা (ছেপ্তেম্বৰ- অক্টোবৰ) মাহত প্ৰতিনিধিত্ব কৰে ।

অৰ্হতাঃ

৩১ ডিচেম্বৰক ভিত্তি হিচাবে লৈ বছৰৰ অনুৰ্দ্ধ দশম শ্ৰেণীলৈকে।

অধিক তথ্যৰ বাবেঃ

জিলা পৰ্যায়ৰ বাবেঃ- বিভাগীয় জিলা ক্ৰীড়া কাৰ্যালয়

ৰাজ্যিক পৰ্যায়ৰ বাবেঃ ক্ৰীড়া আৰু যুৱকল্যাণ, অসমৰ সঞ্চালকৰ কাৰ্যালয়

(ছ)  টি.আও ফুটবল প্ৰতিযোগিতা

প্ৰতিযোগিতাৰ বিৱৰণঃ

প্ৰতিযোগিতাখন উত্তৰ-পূব পৰিষদৰ উদ্যোগত প্ৰত্যেক বছৰৰ নৱেম্বৰ-ডিচেম্বৰ মাহত উত্তৰ-পূৱৰ আঠখন ৰাজ্যৰ মাজত অনুষ্ঠিত হয় ।

ৰাজ্যিক ফুটবল দলটোৱে প্ৰত্যেক বছৰে উত্তৰ পূৰ্বৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত টি.আও ফুটবল প্ৰতিযোগিতাত ৰাজ্যক প্ৰতিনিধিত্ব কৰে।

অৰ্হতাঃ

নিৰ্বাচিত ৰাজ্যিক দলটোৱে নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰে। বয়সৰ কোনো সীমা নাই। প্ৰতিযোগিতাখন সম্পুৰ্ণৰূপে উত্তৰ পূৱ পৰিষদ দায়িত্ব লয়।

অধিক তথ্যৰ বাবেঃ-

ৰাজ্যিক পৰ্যায়ৰ বাবে অসম ক্ৰীড়া যুৱ কল্যাণ সঞ্চালকালয় ৰ সৈতে যোগাযোগ কৰক।

()  ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়া

প্ৰতিযোগিতাৰ বিষয়ে—

ৰাষ্ট্ৰীয় স্কুল প্ৰতিযোগিতাসমূহ ভাৰতীয় স্কুল ক্ৰীড়া সংঘ(school Games Federation of India)ই প্ৰত্যেক বছৰৰ অক্টোবৰ – মাৰ্চ লৈ অলিম্পিক/অ-অলিম্পিক ক্ৰীড়াসমূহ অনুষ্ঠিত কৰে। এই প্ৰতিযোগিতা মূলতঃ বয়সৰ তিনিটা শিতানত যেনে-১৪, ১৭ আৰু ১৯ (ল’ৰা আৰু ছোৱালী) ৰ মাজত অনুষ্ঠিত হয়।

অধিক তথ্যৰ বাবেঃ-

ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়, অসম

অৰ্হতাঃ

বয়সঃ-১৪, ১৭ আৰু ১৯ (ল’ৰা / ছোৱালী)

(ঝ) খেলৌ ভাৰত প্ৰতিযোগিতা-

খেলৌ ভাৰত (KHELO INDIA),   ভাৰত চৰকাৰৰ ক্ৰীড়া বিভাগৰ তথা যুৱ ক্ৰীড়া কল্যাণ মন্ত্ৰালয়ৰ এক নতুন আঁচনি। এই খেলৌ ভাৰত আচঁনিখনৰআৰম্ভণি হৈছিল ২০১৬-১৭ বৰ্ষত। ইয়াৰ পূৰ্বে এই আচঁনিখন পঞ্চায়ত যুৱ ক্ৰীড়া আৰু খেল অভিযান (PYKKA)  আৰু তেতিয়াৰ ৰাজীৱ গান্ধী খেল অভিযান (RGKA)  নামেৰে জনাজাত আছিল। এই আচঁনিখনকে পুনৰ ২০১৬-১৭ বৰ্ষত নতুন নাম দিয়া হ’ল ‘ খেল’ ভাৰত ‘ নামেৰে।

খেল’ ভাৰত আচঁনিখন দুটা(২) স্তৰত বিভক্তঃ-

(১)খেলৌ ইণ্ডিয়া – বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা

(২)খেলৌ ইণ্ডিয়া—ক্ৰীড়া আন্তঃগাঠনি।

(১)খেলৌভাৰত প্ৰতিযোগিতা(১৪ আৰু ১৭ বছৰ অনুৰ্দ্ধ, (ল’ৰা / ছোৱালী) প্ৰথমবাৰৰ বাবে ৰাজ্যত জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈছিল। আৰ্চাৰী, বেডমিন্টন, বক্সিং, খোঁ-খোঁ, টোবুল—টেনিছ, টাইকোৱাণ্ডো আৰু ভাৰ উত্তোলন আদি গুৱাহাটীত ২০১৭ বৰ্ষৰ ৮-১৮ জানুৱাৰীলৈকে অনুষ্ঠিত হৈছিল।

২০১৭ বৰ্ষৰ ২১ ৰ পৰা ২৫ জানুৱাৰীলৈকে অনুষ্ঠিত বক্সিং, টেবুল টেনিছ আৰু ভাৰ উত্তোলনপ্ৰতিযোগিতাত অসমে সমুদায় আঁত ধৰিছিল।

(২)খেল’ ইণ্ডিয়াৰ অন্তৰ্ভুক্ত আন্তঃগাঠনিঃ- বিভিন্ন জিলা ক্ৰীড়া সংন্থাৰ পৰা বিভিন্ন ধৰণৰ প্ৰকল্পৰ পৰিকল্পনাসমূহক ভাৰত চৰকাৰৰ ক্ৰীড়া বিভাগ, যুৱ কল্যাণ মন্ত্ৰালয়লৈ অনুমোদনৰ বাবে প্ৰেৰণ।