মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ

ইতিহাস

  • ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ আৰম্ভ কৰা হৈছিল ১৯৮৮-৮৯ চনত। ৰাজ্যখনৰ ক্ৰীড়া আৰু যুৱকল্যাণ ক্ষেত্ৰখনত সকলো প্ৰকাৰৰ বিকাশ সাধন কৰাই এই বিভাগৰ মুখ্য উদ্দেশ্য। শাৰীৰিক শিক্ষা, যুৱ কল্যাণ, দুঃসাহসিক ক্ৰীড়া, পৰ্বতাৰোহণ আদিৰ আচঁনিসমূহ যাতে ভালদৰে ৰূপায়ণ হয় তাৰ প্ৰতি এই বিভাগে লক্ষ্য ৰাখে। বিভাগে এন চি চি, এন এছ এছ, ভাৰত স্কাউট এণ্ড গাইড, পৰ্বতাৰোহণ আৰু দঃসাহসিক ক্ৰীড়াৰ দৰে কাৰ্যসমূহক উত্সাহিত কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰে। বিভাগে সুপ্ত প্ৰতিভাসমূহক উলিয়াই অনাত গুৰুত্ব দিয়াৰ উপৰিও উপযুক্ত পাঠদান তথা প্ৰশিক্ষণ প্ৰদান কৰে। উঠি অহা খেলুৱৈসকলক খেলাৰ বাবে ষ্টেডিয়াম, শিক্ষানুষ্ঠান, যুৱ ক্ৰীড়া ক্লাৱ, দক্ষতা বৃদ্ধিৰ প্লেটফৰ্ম আদি প্ৰদান কৰি আহিছে অসম চৰকাৰৰ এই বিভাগে।